Show/Hide Keyboard Layout

মেঘৰ জলঙা (নতুন)

- পম্পী গগৈ

মেঘৰ জলঙা পূৰ্ণিমাৰে চন্দ্ৰমা

জাৰত হাড়ত হাড়ে ঠৰঙা

আপঙ এচুঙা জ্বলি উঠে দুটি গা

জ্বলে মনৰ হাবি লঠঙা ।

 

গভীৰ বননিত সোমায় চিকাৰী

আঙুলিত খুপি খুপি খোপনি

কাড়ে হালি যায়, পৰে লুটি খাই

ঠেঙুলিত ঘ‌ৰ সজা পখী ।

 

আঁউসী ...

চাপি নাহিবি

বাউসিত ...

দেহ তোৰে নথবি

নাহিবি ঐ বোৱতি নৈ

নমতা কৈ আলহী হৈ ।

 

ৰাতিৰ চাপৰি তিয়াই নাযাবি

পুৱতিৰ হাল হ’ব ক্ষতি

শুকান জাৰণিত ঐ ইমান পুৰণি

অগনিত জাহ যাব শৰীৰ ।

 

মাটি ...

পানী আৰু জুই

খেতি ...

লানি লানি ৰুই

লুইতে হৈ আহিলোঁ বৈ

তাহানি ঐ থিতাপি লৈ

জাপিৰ চিনাকি ইমান পুৰণি

ধুলি বালি বতাহতে মিলি

এই ভূমিত ওপজি আমি প্ৰহৰী

এন্ধাৰৰ ভূত পিশাচ খেদি ।।

Hits: 2620